ভাৰতীয় ৰেলৱে-এ ভ্ৰমণ কৰাব উত্তৰ-পূৰ্বাঞ্চল

DY365
DY365
Published: March 31,2021 05:34 PM
DY365

Story highlights

আইআৰচিটিচি টুৰ পেকেজ: ভাৰতীয় ৰেলৱে-এ ভ্ৰমণ কৰাব উত্তৰ-পূৰ্বাঞ্চল।

৩১ মাৰ্চ, ২০২১ আইআৰচিটিচি টুৰ পেকেজ: ভাৰতীয় ৰেলৱে-এ ভ্ৰমণ কৰাব উত্তৰ-পূৰ্বাঞ্চল। শেহতিয়াকৈ আইআৰচিটিচিয়ে এই পেকেজৰ জৰিয়তে এটা ভ্ৰমণৰ ব্যৱস্থা কৰিছে। আপুনি যদি এই ভ্ৰমণৰ আনন্দ ল'ব বিচাৰে তেতিয়া হ'লে বহুতো প্ৰাচীন বৌদ্ধ মঠ, গীৰ্জা আৰু তিব্বতী ঠাই ভ্ৰমণ কৰাৰ এক সুন্দৰ অভিজ্ঞতা লাভ কৰিব পাৰে। প্ৰাকৃতিক সৌন্দৰ্য, স্বাস্থ্যকৰ পৰিৱেশ, সমৃদ্ধ জৈৱ বৈচিত্ৰ্য, বন্য জীৱন, ঐতিহাসিক স্থান, অনন্য সংস্কৃতি, এই সকলোবোৰ পৰিদৰ্শন কৰিব পাৰে। ইয়াৰ উপৰিও, ট্ৰেকিং আৰু দুঃসাহসিক কাৰ্যকলাপ পছন্দ কৰা পৰ্যটকসকলে এই ভ্ৰমণৰ আনন্দ লাভ কৰিব পাৰে।



এই পেকেজৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ এই ঠাইবোৰ ভ্ৰমণ কৰাৰ সুবিধা লাভ কৰিব।  





কালিমপং – ই উত্তৰ বেংগলৰ এটা সুন্দৰ পাহাৰৰ চহৰ। চহৰখন সুন্দৰ উপত্যকা, বৌদ্ধ মঠ, গীৰ্জা আৰু তিব্বতী হস্তশিল্পৰ বাবে জনপ্ৰিয়। ঠাইখন যথেষ্ট ধুনীয়া, যিয়ে ইয়াত পৰ্যটকৰ ভ্ৰমণ সুন্দৰ কৰি তোলে। বসন্ত আৰু গ্ৰীষ্মকাল ইয়াত ভ্ৰমণ কৰিবলৈ ভাল বুলি ধৰা হয়।





গেংটক – পূব হিমালয় সীমান্তত অৱস্থিত, গেংটক হৈছে ছিকিমৰ ৰাজধানী। ইয়াত আপুনি প্ৰাচীন মন্দিৰ, প্ৰাসাদ আৰু মঠ ভ্ৰমণ কৰাৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। প্ৰাচীন মঠৰ বাবে গেংটক এটা মুখ্য বৌদ্ধ তীৰ্থস্থান হিচাপে অতি জনপ্ৰিয়।





দাৰ্জিলিং – ই চাহ বাগানৰ বাবে গোটেই বিশ্বত বিখ্যাত, য'ত কাঞ্চনজংঘাৰ দৃশ্যই পৰ্যটকসকলক মোহিত কৰে। দাৰ্জিলিং, যাক ইয়াৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যৰ বাবেও জনা যায়, ই টয় ৰেলৰ বাবেও বিখ্যাত। এই টয় ৰেলত উঠি আপুনি সুন্দৰ পাহাৰত ঘূৰি ফুৰাৰ আনন্দ লাভ কৰিব পাৰে। 





পেকেজৰ বিৱৰণ
১. পেকেজৰ নাম: নৰ্থ ইষ্ট এয়াৰ টুৰ পেকেজ এক্স দিল্লী
২. ভ্ৰমণৰ স্থান – ভগডোগ্ৰা, কালিমপং, গেংটক আৰু দাৰ্জিলিং
৩. যাতায়ত - বিমান
৪. শ্ৰেণী - কনফ'ৰ্ট
৫. পেকেজ মূল্য আৰম্ভ –৩০৬৬০/-
৬. দিন – ৬ দিন
৭. মুঠ ভ্ৰমণকাৰীৰ সংখ্য - ২৩ গৰাকী
৮. হোটেলৰ নাম – কালিমপং - হোটেল মিষ্টিক অৰকিড ৰিট্ৰিট, গেংটক- হোটেল মিষ্টিক ভূমজাঞ্জ, দাৰ্জিলিং- হোটেল মিষ্টিক ৰোধি ৰিজৰ্ট.




 


Related

TWITTER

FACEBOOK