অমিতাই মানুহক বিভিন্ন ধৰণৰ ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে। জানো আহক ইয়াৰ পৰা কেনেদৰে লাভৱান হব পাৰো !

DY365
DY365
Published: March 24,2021 09:45 AM
DY365

Story highlights

অমিতাই মানুহক বিভিন্ন ধৰণৰ ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে। পেটৰ সমস্যা উপশম কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। লগতে অমিতা চুলিৰ বাবে বিভিন্ন প্ৰকাৰে লাভজনক।

২৪ মাৰ্চ, ২০২১: অমিতাই আপোনাক বহু প্ৰকাৰৰ ৰোগমুক্ত কৰাত সহায় কৰে। পেটৰ সমস্যা উপশম কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়, অমিতাই আপোনাৰ ছাল খনক ধুনীয়া কৰি ৰখে। অমিতাই আপোনাৰ শৰীৰ যৌৱনপ্ৰাপ্ত কৰি ৰখাত সহায় কৰে। অমিতা এনেকুৱা এবিধ ফল যি বছৰৰ সকলো সময়তে পোৱা যায়। 
 এই ফলৰ যথেষ্ট গুণ আছে। যি প্ৰতিটো ঋতুত উপলব্ধ। অৱশ্যে, খুব কম সংখ্যক লোকে এই ফল খায় । যিসকল লোকে অমিতাৰ গুণাগুণৰ বিষয়ে জানে সেইসকল লোকে নিজৰ দৈনন্দিন খাদ্যৰ তালিকাত ইয়াক ব্যৱহাৰ কৰে। কিন্ত আপোনি জানে নে অমিতাই মানুহক বিভিন্ন ধৰণৰ ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে। পেটৰ সমস্যা উপশম কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। লগতে অমিতা চুলিৰ বাবে বিভিন্ন প্ৰকাৰে লাভজনক। 
জানো আহক ইয়াৰ পৰা কেনেদৰে লাভৱান হব পাৰো-



১)অমিতাই আপোনাৰ শুকান ছালৰ বাবে অতি লাভজনক। ই ছালত হাইড্ৰেট কৰাত অতি সহায় কৰে। অমিতাত থকা এণ্টিঅক্সিডেণ্ট আৰু এনজাইমে আপোনাৰ ছালক কোমল কৰাত সহায় কৰে। লগতে মুখমণ্ডলত পকা অমিতাৰ প্ৰলেপ লগালে ছাল কোমল হয় পৰে। অমিতাই আপোনাৰ চুলিত উফি আঁতৰ কৰাতো সহায় কৰে।
২) স্বাস্থ্যকেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি অমিতা এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ। অমিতাই বৰ্ধিত বয়সৰ সৈতে দেখা দিয়া চিহ্নবোৰৰ বিৰুদ্ধে ৰক্ষা কৰি সহায় কৰে। 
গ্ৰীষ্মকাল আহি আছে যদি আপুনি বিচাৰে তেনেহলে অমিতা, এই গৰমৰ দিনত ফেচপেক হিচাপে মুখমণ্ডলত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ব্যৱহাৰে ছালৰ টেনিং আঁতৰ কৰাত সহায় কৰে। 
৩) অমিতাই পেটৰ বিভিন্ন ৰোগ নাশ কৰাত সহায় কৰে। যদি আপুনি কোষ্ঠকাঠিন্য ৰোগত ভুগি আছে আৰু বহুতো ঔষধ খোৱাৰ পিছতো সমাধান হোৱা নাই তেনেহলে প্ৰতিদিনে আপুনি অমিতা খাওঁক। ই পেট পৰিষ্কাৰ আৰু নিখুঁত ৰখাত সহায় কৰে। যদি আপোনাৰ ডায়েৰিয়া হৈছে তেন্তে অমিতা খোৱা পৰিহাৰ কৰক।



৪) অমিতা আপোনাৰ ছালৰ বাবে লাভজনক, যি আপোনাৰ চুলিৰ বাবেও অতি লাভজনক। অমিতা খালে আপোনাৰ চুলি সৰা যথেষ্ট হ্ৰাস কৰে। অধ্যয়ন অনুসৰি, অমিতাত থকা ভিটামিন এ-য়ে আপোনাৰ মূৰৰ ছালক মজবুত কৰি তোলাত সহায় কৰে, যি আপোনাৰ চুলিক পুষ্টি আৰু শক্তিশালী কৰি তোলে।



৫) যদি আপোনি আঘাতপ্ৰাপ্ত হয় তেনেহলে আপুনি অমিতাৰ প্ৰলেপ আপুনি সেই ঠাই খিনিত লগাই ৰাখিব পাৰে। ইয়াৰ দ্বাৰা জ্বলন আৰু বিষ তাৎক্ষণিক সকাহ দিয়ে। যদি জ্বলন আৰু বিষ বৃদ্ধি হয়, ইয়াক গ্ৰহণ নকৰিব লগে লগে চিকিৎসকৰ পৰামৰ্শ লওঁক।


Related

TWITTER

FACEBOOK