শুবলৈ যোৱাৰ পূৰ্বে গৰম পানীৰে লং খোৱাৰ লাভালাভ কি জানেনে?

DY365
DY365
Published: April 17,2021 10:49 AM
DY365

Story highlights

আপুনিও স্বাস্থ্যৱান হৈ থাকিব বিচাৰেনে? স্বাস্থ্যৱান হৈ থাকিবৰ বাবে কি কৰিব? গৰম পানীৰ সৈতে লং খোৱাৰ গুণাগুণ কি জানেনে? জানি লওক শুবলৈ যোৱাৰ পূৰ্বে গৰম পানীৰে লং খোৱাৰ লাভালাভসমূহ

১৭ এপ্ৰিল, ২০২১ : স্বাস্থ্য হৈছে সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক প্ৰত্যাহ্বানৰ প্ৰতি ব্যক্তিগত বা সমজুৱা অভিযোজন আৰু স্বনিয়ন্ত্ৰণৰ ক্ষমতা, এক প্ৰক্ৰিয়া। এটা দিনতে কোনোপধ্যে স্বাস্থ্যৱান হৈ উঠিব নোৱাৰে আপুনি। কিছু ক্ষুদ্ৰ ক্ষুদ্ৰ সামগ্ৰীয়ে আপোনাক কৰি তুলিব স্বাস্থ্যৱান। যেনে ১ৰ পৰা ৩ লিটাৰপৰ্যন্ত পানী খালে স্বাস্থ্যৱান হৈ উঠিব আপুনি। পুৱা এল’বেৰা অথবা আমলখিৰ ৰস সেৱনৰ ফলতো আপুনি পৰিত্ৰাণ পাব ৰোগৰ পৰা। ঠিক তেনেদৰে শুৱাৰ পূৰ্বে গৰম পানীৰ সৈতে লং খালে স্বাস্থ্যৱান হৈ উঠিব আপুনি। য’ত থাকে ভিটামিন ই, ভিটামিন চি, ফ’লেট, ৰাইব’ফ্লেৱিন, ভিটামিন এ, থায়’মিন, ভিটামিন ডি, অ’মেগা থ্ৰী ফেটী এচিডৰ দৰে অন্য এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি বেক্টিৰিয়েলৰ গুণ।
জানি লওক শুবলৈ যোৱাৰ পূৰ্বে গৰম পানীৰে লং খোৱাৰ লাভালাভ
শুৱাৰ পূৰ্বে গৰম পানীৰ সৈতে লং সেৱন কৰিলে কোষ্ঠকাঠিন্য, ডায়েৰিয়া, এচিডিটীৰ দৰে সমস্যাৰ পৰা পাব পাৰে পৰিত্ৰাণ। হজমৰ ক্ষেত্ৰতো সহায় কৰে ই। এণ্টিঅক্সিডেণ্টসমৃদ্ধ লঙত আছে জীৱাণু ৰোধ কৰাৰ ক্ষমতা। দাঁতৰ বিষৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰিব পাৰে গৰম পানী আৰু লং। দাঁতৰ বিষ অনুভৱ কৰা ঠাইত লং অলপ সময়ৰ বাবে দি থ’লে পাব সকাহ।


Related

TWITTER

FACEBOOK