ভাইৰেল হৈ পৰিছে ২০ ছেকেণ্ডৰ এটি ভিডিঅ’

DY365
DY365
Published: April 8,2021 05:23 PM
DY365

Story highlights

অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে অলপতে ইনষ্টাগ্ৰামত এটা মৰমলগা সৰু ভিডিঅ' শ্বেয়াৰ কৰিছিল।

৮ এপ্ৰিল, ২০২১: অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী দম্পতিসকলৰ মাজত আটাইতকৈ মৰম লগা চেলিব্ৰিটি। সামাজিক মাধ্যমত বৰ্তমান তেওঁলোক দুজন চৰ্চাত আছে। সেইবাবে সংবাদ মাধ্যমসমূহেও তেওঁলোকৰ জীৱনৰ সকলো বিকাশ আৰু  অনুৰাগীসকলেও তেওঁলোকৰ জীৱনৰ প্ৰতিটো সৰু কথা জানিবলৈ আগ্ৰহী।



অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে অলপতে ইনষ্টাগ্ৰামত এটা মৰমলগা সৰু ভিডিঅ' শ্বেয়াৰ কৰিছিল। যাৰবাবে তেওঁলোকে বৰ্তমান চৰ্চাত থকা দেখা গৈছে। অনুষ্কাক এই ভিডিঅ'টোত বিৰাটক দুয়োখন হাতৰে ধৰি থকা দেখা গৈছে। আচৰিত কথা এইটো যে অনুষ্কাই বিৰাট কোহলীক এবাৰ নহয় ২ বাৰ হাতেৰে তুলি দাঙি ধৰিছিল।



ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছিল যে অনুষ্কাই বিৰাটক দুয়োখন হাতেৰে ধৰি তুলি ল'বলৈ চেষ্টা কৰিছে। কিছু সময় পিছত অনুষ্কাই বিৰাটক দুয়োখন হাতেৰে দাঙিবলৈ সক্ষম হৈছ। ভিডিঅ’টোত বিৰাট কোহলীক আচৰিত হোৱা দেখিবলৈ পোৱা যায়। কাৰণ বিৰাটে ভবা নাছিল যে অনুষ্কাই তেওঁক এনেদৰে উঠাবলৈ সক্ষম হ'ব। ২০ ছেকেণ্ডৰ এই ভিডিঅ’টো দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে আৰু মানুহে ইয়াত আমোদজনক মন্তব্য কৰা দেখিবলৈ পোৱা যায়।


Related

TWITTER

FACEBOOK