COVID19ৰ সংক্ৰমণ ৰুধিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা

DY365
DY365
Published: April 20,2021 02:58 PM
DY365

Story highlights

তাত্‍ক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিৰ্দেশনা জাৰি। ৩০ এপ্ৰিলপৰ্যন্ত বাহাল থাকিব নিৰ্দেশনাসমূহ।

২০ এপ্ৰিল, ২০২১: COVID19ৰ সংক্ৰমণ ৰুধিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিলে নিৰ্দেশনা। তাত্‍ক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিৰ্দেশনা জাৰি। ৩০ এপ্ৰিলপৰ্যন্ত বাহাল থাকিব নিৰ্দেশনাসমূহ। মুকলি অনুষ্ঠান জিলা কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে অনুষ্ঠিত কৰিব পাৰিব। কিন্তু তেনে অনুষ্ঠানত ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব। অনুষ্ঠানসমূহত মাস্ক, সামাজিক দূৰত্ব আদি প্ৰট’কল বাধ্যতামূলক। হল অথবা প্ৰেক্ষাগৃহত বা ৰংগমঞ্চত মুঠ আসনৰ ৫০ শতাংশ উপস্থিতি। বিবাহ আদি অনুষ্ঠানত ১০০জন লোকহে উপস্থিত থাকিব পাৰিব। শেষকৃত্যত ২০ জনতকৈ অধিক লোকে অংশগ্ৰহণ কৰিব নোৱাৰিব। ধৰ্মীয় অনুষ্ঠান, উপাসনা গৃহত ঘণ্টাত ২০জন লোকৰ প্ৰৱেশত অনুমতি। ঠাই যদি কম তেন্তে পৰিচালনা সমিতিয়ে মানুহ আৰু কমাব লাগিব। বৃহত্‍ ধৰ্মীয় স্থানসমূহত প্ৰতিঘণ্টা ৫০জন লোকৰ সমাগমত অনুমতি। সকলো বজাৰ, ছুপাৰ মাৰ্কেট সন্ধিয়া ৬ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব। মলৰ বিপণী, সাপ্তাহিক বজাৰো ৬ বজাৰ ভিতৰত বন্ধৰ নিৰ্দেশ। ৱৰ্কিং ফ্ৰম হোম আৰু ভাৰ্ছুৱেল কাম-কাজত গুৰুত্ব দিবলৈ আহ্বান। কৰ্মস্থলীত বিষয়াৰ বাদে কৰ্মচাৰীৰ সংখ্যা পুনৰ ৫০ শতাংশলৈ হ্ৰাস। জৰুৰীকালীন, নিৰ্বাচনী সেৱাৰে জড়িত কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।  গৰ্ভৱতী, কেঁচুৱা থকা মহিলা কৰ্মচাৰী কাৰ্যালয়লৈ নাহিলেও হ’ব। ঘৰৰ পৰাই তেওঁলোকে কাম কৰিব পাৰিব। প্ৰাথমিক বিদ্যালয়ৰ পাঠদান অনলাইনৰ জৰিয়তে হ’ব। আন বিদ্যালয়সমূহত কৰ্তৃপক্ষই পাঠদানৰ নীতি-নিয়ম সলাব লাগিব। যাতে একেলগে বৃহত্‍ সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিবলগীয়া নহয়। পূৰ্বৰ দৰেই ৰাজহুৱা পৰিবহণত কোভিড19 মানিব লাগিব। অট’-ৰিক্সা-টেক্সিত দুজনতকৈ অধিক যাত্ৰী নিব নোৱাৰিব। যিকোনো বাহনত আসন ভৰ্তি কৰি যাত্ৰী নিব নোৱাৰিব। যাত্ৰীৰ বাবে মাস্ককে ধৰি আন প্ৰট’কল বাধ্যতামূলক। ৰাজহুৱা স্থানত মাস্ক, সামাজিক দূৰত্ব বাধ্যতামূলক। দোকানত গৰাকীয়ে গ্ৰাহকৰ লগত ৬ ফুট দূৰত্ব বজাই ৰাখিব লাগিব। ব্যৱসায়িক প্ৰতিষ্ঠানত একে সময়ত ৫জন গ্ৰাহক থাকিব পাৰিব। গৰাকীয়ে নিজৰ প্ৰতিষ্ঠানত ছেনিটাইজাৰ, হেণ্ডৱাছৰ ব্যৱস্থা কৰিব লাগিব। দোকানী আৰু গ্ৰাহকে মাস্ক আৰু হেণ্ডগ্লোভছ পৰিধান কৰিব লাগিব। গ্ৰাহকে সামাজিক দূৰত্ব নামানিলে দোকানৰ গৰাকী জগৰীয়া হ’ব। চেলুন, পাৰ্লাৰত কঠোৰভাৱে কোভিড প্ৰট’কল মানি চলিব লাগিব। কোনো লোকে এই নীতি-নিয়ম ভংগ কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব। লগতে মাস্ক নিপিন্ধা আৰু পিকাই ফুৰা মানুহক জৰিমনা বিহা হ’ব। ৰাজহুৱা স্থানত পিকালে ১০০০ টকালৈ জৰিমনা ভৰিব লাগিব।


Related

TWITTER

FACEBOOK