অসমৰ ৫সমষ্টিত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰৰ সহাঁৰি। ডিব্ৰুগড়ত ভোটদানৰ হাৰ ৯.৬২ শতাংশ।
নাহৰকটীয়া সমষ্টিৰ ন-চাউদাং গাঁৱত চাৰিটাকৈ বাসগৃহত অগ্নিকাণ্ড। নাহৰকটীয়াৰ ন-চাওদাঙৰ AJPৰ নেতাৰ ঘৰত নিশা দুৰ্বৃত্তৰ অগ্নিসংযোগ।
নাজিৰাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ। নাজিৰা নগৰৰ সমিতি বিজেপি ৯ নং ৱাৰ্ডৰ সদস্য গাড়ীত বিলাতী সুৰা।
শিলচৰ ৰামনগৰত অগ্নিকাণ্ড। গেছ পৰিবাহী চলন্ত টেংকাৰত হঠাতে লাগিল জুই। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণ হয় জুই । কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চল।
মহানগৰীৰ খানাপাৰাত STFৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত জব্দ ২৯ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ।
ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতে জাগুনত অঘটন। জাগুনৰ লাকলা কংকাণ গাঁৱত বিধ্বংসী অগ্নিকাণ্ড।
ওদালগুৰিত শোকাৱহ ঘটনা। গছপৰি মৃত্যু দুগৰাকী মহিলাৰ। নিশা ধুমুহাত শুই থকা অৱস্থাত গছ উভালি পৰাত বিছনাতে মৃত্যু ঘটে দুগৰাকীৰ।
দুদিনীয়া কাৰ্যসূচীৰে অসমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি নলবাৰীত প্ৰধানমন্ত্ৰী বিশাল জনসভা। প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত অঘটন। বনৰীয়া ম’হৰ আক্রমণত নিহত হয় বনকৰ্মী। গুৰুতৰভাৱে আহত হয় এগৰাকী বনকৰ্মী।
তিনিচুকীয়াৰ কচুজান চাহ বাগিচাত ভয়ংকৰ ঘটনা। চাহ বাগিচাৰ মাজতে এজন লোকক জ্বলাই দিলে দুৰ্বৃত্তই। এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই নিহত লোকজনৰ পৰিচয়।
পহিলা ব’হাগতে পথ দুৰ্ঘটনাত মৃত্যু এজন যুৱকৰ। ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল এজন যুৱকৰ।
হোজাই বিষ্ণুপল্লীত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ৬ টাকৈ বাসগৃহ। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
গোলকগঞ্জৰ ছাগলীয়াত টকাৰ উজান। ছাগলীয়া আৰক্ষী আৰু ফ্লায়িং স্কোৱাডে জব্দ কৰে প্ৰায় দহ লাখ টকা।
পহিলা ব’হাগৰ দিনাই চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ধীৰঘাটস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা।
সন্ন্যাসীসকলে দেৱতাৰ প্ৰতি অচলা ভক্তি প্ৰদৰ্শনৰ হেতু তেওঁলোকে চোকা লোহাৰ বৰশি, গছৰ কাঁইটৰ ওপৰত জাপ দিয়ে অথবা ভৰি ওপৰলৈ কৰি মূৰ তললৈ দি ওলমি থাকে।