শিক্ষানুষ্ঠান সমূহৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰিছে নীতি-নিৰ্দেশনা

DY365
DY365
Published: April 20,2021 08:07 PM
DY365

Story highlights

শিক্ষানুষ্ঠান সমূহৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰিছে নীতি-নিৰ্দেশনা। ১০০ জনতকৈ অধিক লোক কৰোনাত আক্ৰান্ত হোৱা জিলাৰ ক্ষেত্ৰত জাৰি কৰিছে নতুন নিৰ্দেশনা।

২০ এপ্ৰিল, ২০২১: শিক্ষানুষ্ঠান সমূহৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰিছে নীতি-নিৰ্দেশনা। ১০০ জনতকৈ অধিক লোক কৰোনাত আক্ৰান্ত হোৱা জিলাৰ ক্ষেত্ৰত জাৰি কৰিছে নতুন নিৰ্দেশনা। শিক্ষানুষ্ঠানসমূহত ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰে কৰিব লাগিব পাঠদান। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা। ৫০ গৰাকী শিক্ষাৰ্থী থকা শ্ৰেণী কোঠাত ২৫ গৰাকীকলৈ হ’ব পাঠদান। ৰোল নম্বৰ ১ৰ পৰা ২৫লৈ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে হ’ব পাঠদান। ৰোল নম্বৰ ২৬ৰ পৰা ৫০ লৈ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে হ’ব পাঠদান। ৫০ৰ তলত শিক্ষাৰ্থী থাকিলে বিদ্যালয়ৰ কৰ্তৃপক্ষই ল’ব লাগিব ব্যৱস্থা। বিদ্যালয় কৰ্তৃপক্ষই সম্ভৱ হ’লে অনলাইন পাঠদান কৰিব পাৰিব। বিদ্যালয় কৰ্তৃপক্ষই কঠোৰভাৱে মানিব লাগিব কোভিড প্ৰট’কল। ছেনিটাইজাৰ, মাস্কৰ ব্যৱহাৰ আৰু সামাজিক দূৰত্ব হ’ব বাধ্যতামূলক। বিদ্যালয়ৰ পুৱাৰ প্ৰাৰ্থনাৰ লগতে সভা-সমিতি পৰিহাৰ কৰিব লাগিব। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়তো ৫০ শতাংশৰ উপস্থিতিত হ’ব পাঠদান।


Related

TWITTER

FACEBOOK